নগাঁৱত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪৭৯লৈ বৃদ্ধি

নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:

নগাওঁ জিলাত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি হোৱাত ৰাইজৰ মাজত শংকা অধিক ঘনীভূত হৈ পৰিছে। প্ৰতিদিনে জিলাখনত ক'ভিড ৰোগীৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।২৪ ঘণ্টাত জিলাখনত নতুনকৈ ২৫ জন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে।ইয়াকে লৈ জিলাখনত ৪৭৯ গৰাকী লোক ক'ৰ'নাত আক্রান্ত হৈছে। ইফালে,ক'ৰ'নাত পৰা সুস্থ হৈ উঠা ৭ জন লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰে।ইয়াৰে দুজন ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালৰ আৰু উজৰা গাওঁ আদৰ্শ প্ৰাথমিক চিকিৎসালয়ৰ পৰা ৫ জনক ৰিলিজ দিয়া হৈছে।ইয়াকে লৈ জিলাখনত সুস্থ হৈ ঘৰলৈ যোৱা লোকৰ সংখ্যা ২২৯ গৰাকী।সোমবাৰৰ দিনটোত জিলাখনৰ ৫৬ টা কোৱাৰেণ্টাইন চেণ্টাৰত ৩০৩২ গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে।সোমবাৰে বহি:ৰাজ্যৰ পৰা নতুনকৈ ৩৪৫ গৰাকী লোক নগাঁৱলৈ আহিছে।সোমবাৰলৈ বহিঃৰাজ্যত আৱদ্ধ নগাঁৱৰ ১১ হাজাৰতকৈও অধিক লোক নগাঁৱলৈ আহিছে।সোমবাৰৰ দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হাস্পতালত ১১০ গৰাকী,কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ২২ গৰাকী, উজৰা গাওঁ আদৰ্শ চিকিৎসালয়ত ৩২ গৰাকী আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ২৪গৰাকীসহ মুঠ ২১৩ গৰাকী চিকিৎসাধীন হৈ আছে।


ৱাহিদুদ জামাা

Your Comments