দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধমধমাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া খেলপথাৰৰ লগতে নিৰ্মাণ কৰিবলগীয়া 'পোচাক সলনি ভৱনʼটোৰ সোমবাৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই আধাৰশিলা স্থাপন কৰে।PMJSGY আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া ভৱনটোৰ আধাৰশিলা স্থাপন কৰি বিধায়ক অশোক শৰ্মাই কয় যে খেলপথাৰ আৰু পোচাক সলনি ভৱনটো অতি শীঘ্ৰে নিৰ্মাণ হ'ব আৰু ইয়াৰ লগে লগে গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ব।এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বলোৰাম দাস,উপাধ্যক্ষ ধনেশ্বৰ খাখলাৰী,বিষয় শিক্ষক ভগৱান হালৈ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মন,১৯ নং চটাইবাৰী গাঁও পঞ্চায়তৰ সভাপতি দিপুল পাটোৱাৰী,কাউন্সিলাৰ মিনি কলিতা ডেকা,বিজেপি নেতা পৰাগ চক্ৰৱৰ্তীকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে।ইফালে, বিধায়কগৰাকীয়ে সোমবাৰে দুপৰীয়াৰ ভাগত ঘগ্ৰাপাৰৰ বাঘমাৰা গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী মনোৰঞ্জন কলিতাৰ আকস্মিক মৃত্যু হোৱাৰ খবৰ পাই পৰিয়ালত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে কিছু আৰ্থিক সহায় কৰে।লগতে,বিধায়কগৰাকী গাঁৱৰ কিছু সংখ্যক ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ সমস্যাৰ বুজ লয়।ইয়াৰ পিছতে বিধায়কগৰাকী যোৱা ১২ জুনত পথ দুৰ্ঘটনাত নিহত হোৱা বিলপাৰ গাঁৱৰ দিগন্ত চৌধুৰীৰ পৰিয়ালত উপস্থিত হৈ খা-খবৰ লয়।পৰৱৰ্তী পৰ্যায়ত বিধায়ক শৰ্মাই শিলপোতাবৰী ৰাজ্যিক চিকিৎসালয় পৰিভ্ৰমণ কৰি তাত স্থাপন হ'বলগীয়া কোৱাৰেন্টাইন কোষটোও পৰিদৰ্শন কৰে।বিধায়কগৰাকীৰ কাৰ্য্যসূচীত সংগ দিয়ে নলবাৰী যুৱ মৰ্চাৰ সভাপতি তথা ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক শ্যামন্ত শৰ্মা,বড়িগোগ বনভাগ যুৱ মৰ্চাৰ সভাপতি গৌতম কাকতি,বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ,দ্বীপমল্ল বৰুৱা,পুলেন কলিতা,কনক দাস,সৰ্বেশ্বৰ ডেকা,মনোৰঞ্জন ডেকা আদিয়ে।
- Log in to post comments
- 13 views