নৰেন শৰ্মা,বাহাৰঘাট:
গছৰ পাতেৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ২০ ফুট দৈৰ্ঘ্যৰ প্ৰতিকৃতি অংকন কৰি অনবদ্য নিদৰ্শন দাঙি ধৰিলে নলবাৰীৰ এগৰাকী শিল্পীয়ে।ৰাভা দিৱসৰ বিশেষ দিনটোতে দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য।শিল্পী নয়ন কলিতাৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিল বিষ্ণু ৰাভাৰ ২০ ফুট দৈৰ্ঘ্যৰ প্ৰতিকৃতি।নলবাৰীৰ কমাৰকুছিত পাগলাদিয়াৰ বুকুত শিল্পীগৰাকীয়ে গছৰ পাতেৰে অংকন কৰিলে ৰাভাৰ প্ৰতিকৃতি।শিল্পীগৰাকীৰ এনে ব্যতিক্ৰমী কাৰ্যত সহযোগিতা আগবঢ়ালে গীতাৰ বাদক শৈলেন পৰাশৰ আৰু বাঁহী বাদক তপন বৈশ্যই।নয়ন কলিতাৰ এনে ব্যতিক্ৰমী চিন্তাক উচ্চ প্ৰশংসা কৰিছে সকলোৱে।নলবাৰীৰ বৰকুৰিহা নিৱাসী প্ৰদীপ কলিতা আৰু আইকণ কলিতাৰ জ্যেষ্ঠ পুত্ৰ নয়নে ১০ বছৰ বয়সৰে পৰাই ছবি অকাৰ লগতে বিভিন্ন ব্যতিক্ৰমী কাম-কাজত জড়িত।মৰোৱাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য্য নয়ন কলিতাই ২০১৯ বৰ্ষৰ স্বাধীনতা দিৱসৰ দিবসৰ দিনাই ছাত্ৰ-ছাত্ৰীসকলৰ ছবি অঁকা পেলনীয়া কাগজেৰে ত্ৰিৰংগ পতাকাৰ আৰ্হিত প্ৰস্তুত কৰি উলিয়াইছিল ২০ ফুট দৈৰ্ঘ্যৰ ভাৰতবৰ্ষৰ মেপ এখন।গুৰুজী আদ্য শৰ্মা আৰু কন্দৰ্প শৰ্মাৰ তত্বাৱধানত ছবি আকিবলৈ শিকিছিল নয়নে।সুদীৰ্ঘ ২০ বছৰে ছবি আৰু বিভিন্ন সামাজিক কাম-কাজেৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হোৱা নয়ন কলিতাই ইতিমধ্যে গঢ়ি তুলিছে 'বিন্দু-এক সাধনাৰ ক্ষেত্ৰ' নামৰ এখন কলাৰ ক্ষেত্ৰ।
- Log in to post comments
- 18 views