শিৱসাগৰৰ প্ৰতিবেদক:
শিৱসাগৰ চহৰৰ সমীপৰ ১৮ নংকাথপাৰ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাঙ্গনত শনিবাৰে ৫১ সংখ্যক বাৰ্ষিক বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় প্ৰধান শিক্ষক লোহিত চেতিয়াই।পুষ্পাঞ্জলি অৰ্পণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন গোহাঁইয়ে।অনুষ্ঠানত ৰাভা দিৱস সম্পৰ্কে সমাজকৰ্মী আব্দুল মজিদ,অলকা মইনা পাৰিজাত ,(ধাইআলি)ৰ সভাপতি হিফজুৰ ৰহমান,যুৱ সমাজকৰ্মী কল্যাণজ্যেতি বুঢ়াগোহাঁই,জ্ঞানাংকুৰ মইনা পাৰিজাতৰ সম্পাদক তনুজ তন্ময় গগৈয়ে বক্তব্য আগবঢ়ায়।অনুষ্ঠানত শিক্ষক আব্দুল ৰহিম,পাৰবিন বেগম,চাখিনা বেগম,ৰূপালী বৰুৱা আদি কৰি ভালেকেইগৰকী ব্যক্তি উপস্থিত থাকে।আনহাতে,লকডাউনৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ হৈ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত মধ্যাহ্ন ভোজনৰ সামগ্ৰী বিতৰণ কৰা হয়।প্ৰায় ৮০ গৰাকী অভিভাৱকৰ মাজত উক্ত সামগ্ৰী বিতৰণ কৰা হয়।সম্পূৰ্ণ সামাজিক দূৰত্ব ৰক্ষা কৰি আৰু মাক্স পৰিধান কৰি আয়োজন কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষক,সমাজকৰ্মী ফিৰোজ আহমেদে।
- Log in to post comments
- 22 views