ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন

যোগ

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বিশ্ববিদ্যালয়ৰ গোটৰ উদ্যোগত অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে।"ঘৰৰ পৰাই যোগ কৰা আৰু নিজকে সুস্থ-সবল হৈ থাকি জীৱন অতিবাহিত কৰা"এই উক্তি সাৰোগত কৰি আয়োজিত হ'বলগীয়া এই ষষ্ঠ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত শাৰীৰিক শিক্ষাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা, যোগ আৰু নেচাৰ'পেথীৰ স্নাতকোত্তৰ,আন্তঃৰাষ্ট্ৰীয় যোগৰ ৰূপৰ পদক জয়ী,আন্তঃৰাষ্ট্ৰীয় যোগৰ তৃতীয় শ্ৰেণীৰ পৰিচালক,গুৱাহাটীস্থিত আৰোগ্য আৰু আৰোগ্য অসম কেন্দ্ৰৰ স্বত্বাধিকাৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰ বিকাশ বৰুৱা সমল ব্যক্তিৰূপে উপস্হিত থকাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্য চাংমায়ে যোগৰ পৰিচিতি আৰু মেডিটেশ্যনৰ ওপৰত বক্তব্য প্ৰদান কৰিব।ইন্টাৰনেটত পুৱা ৭-৩০ বজাৰ পৰা ৯ বজালৈ এই অনুুুষ্ঠান  আয়োজিত হ'ব।সকলোৰে বাবে মুকলি থকা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব খোজা যোগপ্ৰেমীৰ বাবে গুগল মীট লিংক https://meet.google.com/irtkerk-uvq আৰু অনুষ্ঠান উপভোগ কৰিব বিচৰাসকলৰ বাবে(LIVESTREAMING) https:stream.google.com/STREAM/BAA09D19-IBC2-4FA8-A978-FA7777E4023C লিংকত উপলব্ধ হ'ব।২১ জুনৰ যোগ দিৱসৰ দিনা অনুষ্ঠান আৰম্ভণিৰ ১৫ মিনিট পূৰ্বে যোগদান কৰিবৰ বাবে সঞ্চালক ড° মন্তু বড়োৱে অনুৰোধ জনাইছে ।

Your Comments