বিষ্ণু ৰাভা দিৱসত পশুপালক,মুগাপালক,কমাৰ শিল্পৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা আহোম সেনাৰ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

বিষ্ণু ৰাভাৰ আভা বিচাৰি আহোম সেনাই আজি বিষ্ণুৰাভা দিৱসৰ পবিত্ৰ ক্ষণত গতানুগতিকতাৰ বিপৰীতে ব‍্যতিক্ৰমীভাৱে গণশিল্পীগৰাকীৰ স্মৃতি দিৱস পালন কৰে।কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণৰ পিছতে শিৱসাগৰ জিলা সমিতিয়ে কোঁৱৰপুৰত পশুপালনৰ লগত জড়িত গোৱালসকলক গামোচা,সম্বৰ্ধনা-পত্ৰ আৰু এখনি মাস্কেৰে সম্বৰ্ধনা জনায়।

Picপশুপালনৰ যোগেদি গ্ৰাম্য অৰ্থনীতি সবল কৰা আৰু কৃষিভূমিৰ উৰ্বৰতা বৃদ্ধি কৰাত পশুপালকসকলৰ ভূমিকাক কৃতজ্ঞতা জনোৱাৰ লগতে
যোৰহাট জিলা সমিতিয়ে ইতিহাস প্ৰসিদ্ধ কৰঙাৰ কমাৰ শিল্পৰ লগত জড়িত একাংশ ব‍্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে।আনহাতে,চৰাইদেউ জিলা সমিতিয়ে মুগা শিল্পৰ লগত জড়িত চোমনিত মুগা পালন কৰা ব‍্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে নতুন প্ৰজন্মৰ ডেকা চামক এই লাভজনক বৃত্তিৰ লগত জড়িত হ'বলৈ আহবান জনায়।

Your Comments