দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বিলপাৰ-নাৰিকুছি চ'কৰ সমীপত শনিবাৰে দুপৰীয়া ২ মান বজাত ৩১ নম্বৰ ৰাষ্ট্ৰীয় পথত সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী লোকৰ মৃত্যু হয়।জানিব পৰা মতে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ আব্দুৰ ৰচিদ(৪৫) নামৰ ব্যক্তিগৰাকীয়ে নিজৰ ঘৰৰ পৰা As 01DE 6388 নম্বৰৰ বাইকখনেৰে গুৱাহাটী অভিমুখে গৈ থাকোতে উক্ত স্থানতে তীব্ৰবেগী অল্টো AS 01 LC 6662 বাহনখনে প্ৰচণ্ড খুন্দা মাৰে।দুয়োখন বাহনৰ মুখামুখি খুন্দাৰ ফলত ৰচিদৰ মূূৰ আৰু বুকুুুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।তেওঁঁক আৰক্ষীৰ সহায়োগত ৰাইজে স্থানীয় স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে।তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত নলবাৰী মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ পঠাই যদিও গৈ থাকোতে আদবাটতে ৰচিদৰ মৃত্যু হয়।
.
- Log in to post comments
- 863 views