বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলা আৰক্ষীয়ে শুকুৰবাৰে জব্দকৃত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জ্বলাই দিয়ে।বঙাইগাঁও চহৰৰ বীৰঝৰা চাহ বাগিচাৰ কুঁজীয়া নৈৰ পাৰত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অনুপম ডেকা, বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল,অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি,ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ জিলা ন'ডেল বিষয়া ডাঃ হৰিদাস সৰকাৰ আদিৰ উপস্থিতিত ১৬,৫০০ বটল ফেন্সিডাইল (প্ৰতিটো বটল ১০০ এম এল)আৰু ব্ৰাউন ছুগাৰ জ্বলাই ধ্বংস কৰে।
এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাত ইতিপূৰ্বে বিভিন্ন গোচৰ সংক্ৰান্তত জব্দ কৰা যিসমূহ নিচাজাতীয় সামগ্ৰী মজুত আছিল সেইসমূহ আদালতৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে ধ্বংস কৰা হয়।
- Log in to post comments
- 12 views