নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁৱৰ দুজন স্বাস্থ্যকৰ্মীৰ দেহত একেদিনাই ক'ভিড-১৯ চিনাক্ত হোৱাত গণ সংক্ৰমনৰ আশংকাত সাধাৰণ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।ক'ভিড পজিটিভ হোৱা এজন ৰোগী হৈছে চৰকাৰৰ 'আয়ুস্মান ভাৰত আঁঁচনি'ত কৰ্মৰত নগাঁৱৰ চকলাঘাটৰ কংকন মুুদৈ।যুৱকজন ৩১ মে' লৈকে নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ নাৰ্চিংহ'মত কৰ্মৰত আছিল।তাৰ পিছত তেওঁ হ'ম কোৱাৰেন্টাইনত আছিল।শেহতীয়াকৈ তেওঁৰ জ্বৰ হোৱাত নগাঁও চহৰৰ শংকৰ মন্দিৰ পথৰ এখন ফাৰ্মাচীত চিকিৎসকক দেখুৱাইছিল।১৫ জুনত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কংকন মুুদৈৰ স্বোৱাব পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল।বৃহস্পতিবাৰে যুৱকজনৰ অসুুস্থতা বৃদ্ধি হোৱাত হয়বৰগাঁৱৰ জি ডি নাৰ্চিংহ'মত ভৰ্তি কৰোৱা হয়।যুৱকজনৰ অসুস্থতা বাঢ়ি যোৱাত বৃহস্পতিবাৰেই নাৰ্চিংহ'মখনৰ আইচিইউত ভৰ্তি কৰোৱা হয়।ইফালে শুকুৰবাৰে কংকন মুদৈৰ ক'ভিড পৰীক্ষাৰ ফলাফল আহে আৰু ফলাফল পজিটিভ হয় । এই খবৰ লাভ কৰাৰ পিছতে যুৱকজন চিকিৎসাধীন হৈ থকা জি ডি নাৰ্চিংহ'মৰ চিকিৎসক,কৰ্মচাৰী আৰু ৰোগীৰ মাজত হাহাকাৰ লাগে।ইতিমধ্যে প্ৰশাসনে নাৰ্চিংহ'মখনৰ আই চি ইউ কক্ষটোত আন ৰোগীৰ প্ৰৱেশ বন্ধ কৰিছে।ক'ভিড-১৯ চিনাক্ত হোৱা নগাঁৱৰ আনগৰাকী স্বাস্হ্যকৰ্মী হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অস্থায়ী ভিত্তিত কৰ্মৰত গীতাঞ্জলি দেউৰী।তেওঁৰ ঘৰ মৰিগাঁও জিলাত।নগাঁও চহৰৰ দাঁতি কাষৰীয়া উজৰাগাঁও মডেল হস্পিতালত ক'ভিড চিকিৎসালয়ত আৰম্ভণিৰ পৰা কৰ্তব্য পালন কৰা চিকিৎসা কৰ্মীগৰাকী ক'ভিড ডিউটি পালন কৰি এসপ্তাহ কোৱাৰেন্টাইনত স্বাস্হ্যকৰ্মীগৰাকীৰ শেহতীয়াকৈ জ্বৰ হোৱাত তেওঁৰ স্বোৱাব পৰীক্ষা কৰা হয়।এই পৰীক্ষাত তেওঁৰ দেহত ক'ভিড ১৯ চিনাক্ত কৰা হয়।স্বাস্হ্যকৰ্মীগৰাকীক নগাঁৱৰ ক'ভিড চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।এই স্বাস্হ্য কৰ্মী দুগৰাকী কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল তাক লৈ উৎকন্ঠাৰ সৃষ্টি হৈছে।বিশেষকৈ ক'ভিড আক্ৰান্ত কংকন মুদৈৰ সংস্পৰ্শলৈ অহা চিকিৎসকৰ পৰা স্বাস্হ্যকৰ্মীলৈকে তালিকা দীঘলীয়া।স্বাস্হ্য বিভাগৰ নিয়ম অনুসৰি ৰোগীজনৰ সংস্পৰ্শলৈ অহা বহু লোক কোৱাৰেন্টাইনত থাকিব লাগিব।
- Log in to post comments
- 43 views