দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত বড়িগোগ বনভাগ ব্লক,টাউন ব্লক,পূব নলবাৰী ব্লক কংগ্ৰেছৰ এলেকাত শুকুৰবাৰে কংগ্ৰেছৰ দলৰ নেতা-কৰ্মীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ কুমাৰ ভূঞাই সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।নেতাগৰাকীয়ে শুকুৰবাৰে উক্ত ব্লক কংগ্ৰেছৰ অন্তৰ্গত ১৯টা পঞ্চায়তত মাস্ক-ছেনিটাইজাৰ বিতৰণ কৰে। নেতাগৰাকীয়ে শুকুৰবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ক'ৰ'না সংক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰতিখন পঞ্চায়তত মাস্ক বিতৰণ কৰিবলৈ ব্লক,মন্ডল সভাপতিসকলক পৰামৰ্শ প্ৰদান কৰিছিল।সেই উপলক্ষে কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে নিজ নিজ এলেকাত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।ইফালে,নেতাগৰাকীয়ে নলবাৰী দুখন অনাথ আশ্ৰমত মাস্ক-ছেনিটাইজাৰৰ লগতে সাৰথি আশ্ৰমত উপস্থিত হৈ মাস্ক -ছেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে।নেতাগৰাকীৰ এই কাৰ্য্যসূচীত সংগ দিয়ে তিনিটা ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে ভুৱনেশ্বৰ কলিতা,অনিল মহন্ত ৰজত ডেকা আদিয়ে।ইফালে,ভূঞাই দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বৃহস্পতিবাৰে দেহাৰকুছি আৰু চটাইবাৰী গাঁও পঞ্চায়তৰ দলৰ নেতা-কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
- Log in to post comments
- 49 views