"কামৰূপ জিলাত চৰকাৰী শিক্ষকে ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা জুনিয়ৰ কলেজৰ হৈ প্ৰচাৰ চলালে লোৱা হ'ব অনুশাসন ব্যৱস্থা"

মৃণাল ডেকা,শুৱালকুছি: 

কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ একাংশ প্ৰধান শিক্ষক তথা শিক্ষকসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয় তথা জুনিয়ৰ কলেজৰ লগত জড়িত হৈ নামভৰ্ত্তিৰ বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে,যি অসম চৰকাৰৰ শিক্ষা বিভাগৰ  নীতিবিৰোধী আৰু সম্পূৰ্ণ অবৈধ।এনে শিক্ষকসকলক নাকী লগাবলৈ কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ চন্দ্ৰ ডেকাই নিৰ্দেশনা নং -  আই  এছ /কে ডি চি / এম আই এছ চি - ১/২০০৯/৫৯০৯ জড়িয়তে কামৰূপ জিলাৰ  সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক অৱগত কৰায়।নিৰ্দেশনাত কোৱা হয় যে যদি কোনোবা চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বা জুনিয়ৰ কলেজৰ হৈ প্ৰচাৰ চলায়,তেনেহ'লে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব ৷

Pic

উল্লেখ্য,কামৰূপ জিলাৰ বৃহত্তৰ শুৱালকুছি  অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ এনে বিদ্যালয় আৰু জুনিয়ৰ কলেজ সমূহৰ লগত চৰকাৰী বিদ্যালয়ৰ একাংশ শিক্ষক-কৰ্মচাৰী প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে৷আনকি,নিজ বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়তো একাংশই শিক্ষকে জড়িত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়গান গোৱাও পৰিলক্ষিত হৈছে।আনহাতে,একাংশই  দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমতে বিনামূলীয়া নামভৰ্ত্তি কৰি দিয়া হ'ব বুলিকৈ পিছত  পৰীক্ষাৰ আগমূহূৰ্তত মাচুল আদায় লয়।বৃহত্তৰ শুৱালকুছি অঞ্চলৰ একাংশ চৰকাৰী শিক্ষক-কৰ্মচাৰী এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু জুনিয়ৰ কলেজৰ লগত জড়িত থকা দেখা যায়।এনেদৰেই যদি একাংশ চৰকাৰী শিক্ষক-কৰ্মচাৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু জুনিয়ৰ কলেজসমূহৰ নামভৰ্ত্তিৰ বাবে প্ৰচাৰ চলায়,তেনেহ’লে অনাগত দিনত বৃহত্তৰ শুৱালকুছি অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এই জুনিয়ৰ কলেজৰ দৌৰাত্ম্যত শুৱালকুছি অঞ্চলৰ শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়,হালোগাঁঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বংশৰ উচ্চতৰ মাধ্যমিক,দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভয়াৱহভাৱে নিম্নগামী হ’ব।
 

Your Comments