"ক'ৰ'নাৰ বাবে বাতিল বল বম"-সদৌ অসম দেৱালয় সমিতি

Pic

গুৱাহাটীৰ শুক্ৰেশ্বৰ,বশিষ্ঠসহ ৫ দেৱালয় সমিতিয়ে শুকুৰবাৰে যুটীয়া সংবাদমেল      অনুষ্ঠিত কৰে। সংবাদমেলত সদৌ অসম দেৱালয় সমিতিৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য উপস্থিত থাকে।


অম্বুবাচীৰ দৰে আগন্তক বল বম বা সাৱন মেলা বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে বাতিল কৰাৰ কথা আনুষ্ঠানিক ঘোষণা।

অহা ৫ জুলাইৰ পৰা ৩আগষ্টলৈ আয়োজিত হ'বলগা মেলা বাতিলৰ কথা শুক্ৰেশ্বৰ দেৱালয়ত সম্বোধন কৰা সংবাদ মেলখনত উল্লেখ কৰে‌।

ক'ৰ'নাৰ বাবে সাৱধানতামূূূলক ব্যৱস্থা হিচাপে মেলা বাতিল কৰা বুলি উল্লেখ কৰে দেৱালয় সংঘই।

যিহেতু প্ৰতি বছৰে বল বম মেলাত যথেষ্টসংখ্যক ভক্তৰ ভিৰ হয়,তাৰ বাবে এই জটিল সময়ছোৱাত ভক্তিৰ ভিৰ নিয়ন্ত্ৰণ কৰাত অসুবিধা হোৱাৰ আশংকা কৰি বাতিল কৰা হৈছে মেলা।

কেৱল মাত্ৰ ধৰ্মীয় ৰীতি-নীতি,পৰম্পৰা অনুসৰি পালন কৰা হ'ব বল বম।

Your Comments