ভাৰতীয় শ্বহীদ জোৱানলৈ শ্ৰদ্ধা জনাই বিজেপিৰ 'ভাৰ্চুৱেল ৰেলী' বাতিল

Ranjit Das

চীনৰে হোৱা সংঘৰ্ষত লাডাখত শ্বহীদ হোৱা ২০জনকৈ ভাৰতীয় বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম ৰাজ্যিক বিজেপিৰ 'ভাৰ্চুৱেল ৰেলী' বাতিল কৰা হয়।এই কথা প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই দলটোৰ সকলো কাৰ্য্যসূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰাৰ বাবে ভাৰ্চুৱেল ৰেলী বাতিল কৰা বুলি তেওঁ জানিবলৈ দিয়ে।৷

অসম ৰাজ্যিক বিজেপিৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া  ভাৰ্চুৱেল    ৰেলী বাতিল কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সভাপতি দাসে কয়-
"যিহেতু ভাৰতীয় জনতা পাৰ্টী এটা ৰাষ্ট্ৰবাদী দল,সেয়ে ৰাষ্ট্ৰৰ যিকোনো ঠাইত হোৱা যিকোনো ঘটনাই ভাৰতীয় জনতা পাৰ্টীক চুই যায়।যাৰ বাবে দলটোৱে সকলো ৰাজনৈতিক কাৰ্য্যসূচী অহা দুদিনলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।"

আনহাতে,২০ জুনৰ পৰা দলটোৱে জনসম্পৰ্ক কাৰ্য্যসুচী আৰম্ভ কৰিব বুলিও তেওঁ কয়।

ইফালে, ভাৰ্চুৱেল ৰেলীৰ  বাবে পৰৱৰ্তী দিন ঘোষণা কৰা হ'ব বুলিও তেওঁ লগতে কয়।নতুন দিনৰ সিদ্ধান্ত নোহোৱা পৰ্যন্ত স্থগিত থাকিব এই ৰেলী।

Your Comments