শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত বুধবাৰে জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।উপায়ুক্ত কাৰ্য্যালয়ৰ ছুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।বৈঠকত গড়কাপ্তানী গৃহ, গড়কাপ্তানী ক্ষেত্ৰীয় পথ সংমণ্ডল,গড়কাপ্তানী ৰাষ্ট্ৰীয় ঘাইপথ,জনস্বাস্থ্য কাৰিকৰী,জলসম্পদ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আদি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়। এই বিভাগসমূহৰ মুৰব্বী বিষয়াসকলে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ যোগেদি তেওঁলোকৰ বিভাগীয় আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।উল্লেখ্য যে মহামাৰী ক'ভিড-১৯ ৰোগৰ সম্ভাব্য সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰখাতো সুনিশ্চিত কৰাৰ বাবে জিলা উন্নয়ন সমিতিৰ বৈঠক বুধবাৰৰ পৰা অহা ১ জুলাইলৈকে ৭ টা পৰ্য্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।বৈঠকত বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলা উপায়ুক্তই আঁচনিসমূহৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শেষ কৰিবলৈ আৰু গুণগত মানৰ ওপৰত বিশেষ দৃষ্টি ৰাখিবলৈও বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।স্বাস্থ্য বিভাগৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনৰ লগতে সকলো চৰকাৰী বিভাগৰ বিষয়াসকলৰ স্বোৱাব পৰীক্ষা কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে বৈঠকত সদৰি কৰে।বৈঠকত নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী,সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজকৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
- Log in to post comments
- 9 views