গুৱাহাটীত কোনো ভ্ৰমণ বৃতান্ত নথকা লোকৰ দেহত ক'ৰ'না ভাইৰাছ ধৰা পৰাৰ পিছতে উদ্বিগ্ন হৈছে স্বাস্থ্য বিভাগ।স্বাস্থ্য বিভাগে ক'ৰ'না ভাইৰাছৰ সামাজিক সংক্ৰমণৰ আশংকা কৰি আজি অৰ্থাৎ মঙলবাৰৰ পৰা গুৱাহাটীত আৰম্ভ কৰিব লগা ৰেণ্ডম টেষ্ট বুধবাৰৰ পৰাহে আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে কামৰূপ(ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।পর্যাপ্ত পৰিমাণৰ লেব টেকনিছিয়ান নথকাৰ বাবে পাৰ্কিং প্লেচ,পেট্ৰ'ল পাম্প কৰ্মচাৰী,গুদাম, কাৰ্যালয় কৰ্মচাৰী,কৰ্তব্যৰত আৰক্ষী,ট্ৰাক ড্ৰাইভাৰ,স্বাস্থ্যকর্মী তথা মহানগৰৰ সাধাৰণ জনতাৰ শ্বোৱাব সংগ্ৰহ বুধবাৰৰ পৰা আৰম্ভ।
উল্লেখ যে গুৱাহাটীৰ সাধাৰণ জনতাৰ বাবে ১২টা স্থানত ৰেণ্ডম টেষ্ট শিবিৰ নিৰ্ধাৰণকৰিছে প্ৰশাসনে।৩০জুনৰ ভিতৰত মহানগৰীত প্ৰায় ৫০হাজাৰ লোকক কৰা হ'ব ৰেণ্ডম টেষ্ট।ৰেণ্ডম টেষ্টৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰা ১২স্থানত ইচ্ছা অনুসৰি সকলোৱে দিব পাৰিব শ্বোৱাব।
গুৱাহাটী মেডিকেল কলেজ হাস্পতাল,মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতাল,ধীৰেণপাৰা এফ আৰ ইউ,পাণ্ডু এফ আৰ ইউ,উলুবাৰী নগৰীয়া চিকিৎসালয়,দিছপুৰ ডিছপেনচেৰী, বামুনীমৈদাম ৰাজ্যিক ডিছপেনছেৰী, খানাপাৰা ৰাজ্যিক ডিছপেনছেৰী,ভেটাপাৰা ৰাজ্যিক ডিছপেনছেৰী,লখৰা ৰাজ্যিক ডিছপেনছেৰী,শান্তিপুৰ ৰাজ্যিক ডিছপেনছেৰী আৰু উদালবাক্ৰা মিনি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰ।পুৱা ৯ বজাৰ পৰা মহানগৰবাসীয়ে এই স্থানসমূহলৈ গৈ কৰাব পাৰিব পৰীক্ষা।
উল্লেখ যে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত পূৰ্বৰে পৰা চলি থকা শিবিৰত আজিৰে পৰাই সাধাৰণ লোকৰ পৰাও সংগ্ৰহ কৰা হৈছে শ্বোৱাব।
গুৰুত্বপূৰ্ণ যে যদি মহানগৰীত শিবিৰসমূহত সংগ্ৰহ কৰা নমুনাত ক'ৰ'না ভাইৰাছ আক্রান্ত ধৰা পৰে,তেন্তে পুনৰ গুৱাহাটীত হ'ব লকডাউন।
- Log in to post comments
- 33 views