বাঘজানৰ ক্ষতিগ্ৰস্তলৈ ১০লাখ টকা,মৃত কৰ্মচাৰীৰ পৰিয়াললৈ ৫০হাজাৰ টকাৰ সাহায্য ঘোষণা আজমল ফাউণ্ডেচনৰ

Azmal

"তিনিচুকীয়াৰ বাঘজানৰ ঘটনাক লৈ মৰ্মাহত হৈছোঁ।ভয়ংকৰ ঘটনাটোত চাহ শ্ৰমিকৰ পৰা আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে।ক্ষতিগ্ৰস্তসকলৰ বাবে আজমল ফাউণ্ডেচনৰ পৰা ১০লাখ টকা পেকেজ ঠিক কৰিছোঁ"-এই গুৰুত্বপূৰ্ণ ঘোষণা সাংসদ বদৰুদ্দিন আজমলৰ। 

ইতিমধ্যে,ঘটনাস্থলীত আজমল ফাউণ্ডেছনৰ প্ৰতিনিধি উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁ কয়-"কংগ্ৰেছৰ স্থানীয় বিধায়কগৰাকীয়ে সহায় কৰিছে।বুধবাৰে ১২বজাত অঞ্চলবাসীৰ মাজত ৰিলিফ বিতৰণ কৰা হ'ব।"

চাদৰ-মেখেলা-শাৰী তিনিহাজাৰ,পুৰুষৰ বাবে ছশ পেন্ট-মুঠ ১০লাখ টকা ইয়াৰ বাবে ব্যয় কৰা হ'ব।

নিহত কৰ্মচাৰী দুজনৰ পৰিয়ালৰ দুখত আমি সমভাগী বুলি উল্লেখ কৰি সাংসদ আজমলে কয়-"ফাউণ্ডেচনৰ পৰা ৫০হাজাৰ টকাকৈ মৃত কৰ্মচাৰী দুগৰাকীৰ পৰিয়ালক প্ৰদান কৰা হ'ব।"

লগতে,চৰকাৰক আহ্বান জনাই সাংসদগৰাকীয়ে কয়-"ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে ১০লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে।"

Your Comments