মানৱৰূপী দানৱৰ হাতত মৃত্যু হোৱা চিলাপথাৰৰ ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তানৰ দায়িত্ব ল'লে এগৰাকী লোকে।বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন জি দত্তই দেৱশিশুটিৰ দায়িত্ব লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
বিজেপি নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰি উল্লেখ কৰিছে এইদৰে-"ঋতুপৰ্ণ পেগুৰ ৯মহীয়া পুত্ৰ গেৰী পেগুক গঢ় দিয়াৰ দায়িত্ব ললোঁ।"
ইফালে,ভাৰতীয় জনতা যুৱ মর্চাৰ অসম প্ৰদেশৰ পৰা পেগুৰ দুৰ্ভগীয়া পৰিয়ালটোক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে।
উল্লেখ যে শুকুৰবাৰে নুনমাটিৰ আৰমান হোম ফাৰ্নিচাৰ নামৰ দোকানখনত নৃশংসভাৱে ডিঙি কাটি দিন-দুপৰতে হত্যা কৰা হৈছিল যুৱকজনক।
- Log in to post comments
- 32 views