ঋতুপৰ্ণ হত্যাকাৰীৰ ফাঁচীৰ দাবীত নুনমাটিত মিচিং ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Pic

ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত নুনমাটিত মিচিং ছাত্ৰ সন্থাৰ প্ৰতিবাদ।হত্যাকাণ্ড সংঘটিত হোৱা আৰমান হোম ফাৰ্নিচাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শ-শ প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদকাৰীসকলে ব্যৱসায়িক প্ৰতিষ্ঠানখন ভাঙি পেলোৱাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে দাবী জনাই হত্যাকাৰীৰ ফাঁচীৰ।উল্লেখ যে পৰিস্থিতি উত্তপ্ত হৈ পৰাত প্ৰতিবাদস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষী।

প্ৰতিবাদকাৰীৰ দাবী ব্যৱসায়িক প্ৰতিষ্ঠানখন শীঘ্ৰে ছিল কৰিব লাগে।লগতে অপৰাধীৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব লাগে।

Pic

ইয়াৰ উপৰিও নিহত পেগুৰ সাতমহীয়া সন্তানসহ পৰিয়ালক দিব লাগিব উচিত ক্ষতিপূৰণ।দোষী যাতে আইনৰ কোনো সুৰুঙাৰে সাৰি যাব নোৱাৰে,তাৰ বাবে আৰক্ষীয়ে নিখুঁত তদন্ত কৰিব লাগিব।

ইফালে,প্ৰতিবাদস্থলীত উপস্থিত হৈ নুনমাটি আৰক্ষী থানাৰ উচ্চপদস্থ বিষয়াই প্ৰতিবাদীকাৰীসকলক আশ্বাস প্ৰদান কৰি কয়- "ব্যৱসায়িক প্ৰতিষ্ঠান ছিল কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক লিখিতভাৱে অৱগত কৰোৱা হ'ব।তদন্ত শেষ নোহোৱালৈকে মুকলি কৰিবলৈ দিয়া নহ'ব ব্যৱসায়িক প্ৰতিষ্ঠানখন।"

ইয়াৰ উপৰিও তেওঁ আশ্বাস প্ৰদান কৰি কয় যে তদন্তৰ প্ৰক্ৰিয়াত সকলো দিশ সামৰি কৰা হ'ব।কোনো দোষী যাতে আইনৰ সুৰুঙা লৈ বাচি যাব নোৱাৰে,সেয়া আৰক্ষীয়ে গুৰুত্ব দিব।লগতে বিচাৰ প্ৰক্ৰিয়া ফ্ৰাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ বাবে আবেদন জনোৱা হ'ব।

উল্লেখ যে শুকুৰবাৰে ছিলাপথাৰৰ ঋতুপৰ্ণ পেগু নামৰ যুৱকজনক অতি নিৰ্মমভাৱে ডিঙি কাটি হত্যা কৰিছিল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মালিক আৰু কৰ্মচাৰীয়ে মিলি।ইতিমধ্যে মূল অভিযুক্ত হুছেইন আলিসহ পাঁচজন অভিযুক্তক নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।তেওঁলোক হৈছে- মালিক আৰমান আলী, দুলাল আলী,মনোৱাৰ খাতুন, মনোৱাৰ আলী।

Your Comments