নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:
বিভিন্ন দাবীৰ সমৰ্থনত বাওঁ গণতান্ত্ৰিক মঞ্চ,নগাঁৱৰ উদ্যোগত শুকুৰবাৰে ৫টা ৰাজনৈতিক দলে সামাজিক দূৰত্ব মানি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক মাহিলী ৭৫০০ টকাকৈ প্ৰদান কৰা,পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক ১০ কেজিকৈ চাউল আৰু অন্যান্য সামগ্ৰী ৬ মাহলৈ বিনামূলীয়াকৈ প্ৰদান কৰা , দিহিং পাটকাইৰ মুক্ত খনন বন্ধ কৰা,তৈল ক্ষেত্ৰৰ ব্যক্তিগতকৰণ বন্ধ কৰা আৰু জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিকৰ কৰ্মদিন ২০০ দিনলৈ বৃদ্ধি কৰাৰ লগতে দৈনিক মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।নগাওঁ চহৰৰ মতিৰাম বৰা উদ্যান ক্ষেত্ৰৰ সন্মুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীত চিপিআই (এম)ৰ অমৰেন্দ্ৰ শৰ্মা,গুবিন নাথ,চিপিআইৰ ৰাতুল বৰা,চিপিআই(এমএল)ৰ অৰূপ মহন্ত, আৰ চিপিআইৰ ইক্ৰামুল হুদা,দিলীপ ভূঞা আৰু আম আদমী পাৰ্টিৰ নুৰুল হাছান আদিৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মঞ্চৰ সদস্যসকলে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
- Log in to post comments
- 11 views