দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
দ্ৰৰিদ্ৰতা যে উন্নত শৈক্ষিক প্ৰদৰ্শনৰ ক্ষেত্ৰত যে হেঙাৰ হ'বলৈ নোৱাৰে,তাক প্ৰমাণ কৰি দেখুুুৱালে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নম্বৰ বৰাজোল গাঁৱৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰী পাকিজা বেগমে।শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয় মেধাৱী ছাত্ৰী পাকিজা বেগমে ৮৯.৮৩ শতাংশ নম্বৰেৰে নিজকে উজ্বলাই তোলাৰ লগতে অঞ্চলবাসীকো গৌৰৱাম্বিত কৰি তোলে।চাইকেল মেকানিক কৰি পোৱা ধনেৰে ঘৰখন চলাবলৈ কষ্ট কৰা হজৰ আলীৰ জীয়াৰী পাকিজা বেগম নামৰ ছাত্ৰীগৰাকীয় ৪ টা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।পাকিজা বেগমে লাভ কৰা নম্বৰসমূহ হৈছে অসমীয়াত ৮৫,ইংৰাজীত ৭২,গণিতত ৮৬,সাধাৰণ বিজ্ঞানত ৮৭,সমাজ বিজ্ঞানত ৭৭,আৰৱীত ৯২ সহ সৰ্বমুঠ ৫৩৯ । ইফালে,পাকিজা বেগমে তেওঁৰ এই সাফল্যৰ আঁঁৰত বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ,শিক্ষক-শিক্ষয়ত্ৰী আৰু পিতৃ -মাতৃ বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে।মেধাৱী ছাত্ৰীগৰাকীৰ ভৱিষ্যতৰ আশা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰা।তেওঁৰ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন। আনহাতে,পাকিজাৰ পিতৃ ফলজ আলী আৰু মাতৃ হালিমা বেগমে আৰু বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই মেধাৱী ছাত্ৰীগৰাকীক অধ্যয়নত অকণমান সহায়ৰ হাত আগবঢ়ালৈ চৰকাৰ , প্ৰশাসন আৰু ৰাইজৰ ওচৰত আহ্বান জনাইছে।ইফাল,দেওবাৰে,বৰাজোল আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদ আৰু ক্ৰীড়া সম্পাদক কংকন কলিতাসহ এটা সঁজাতি দলে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৭০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।ঘোষিত ফলাফল অনুসৰি এই শিক্ষানুষ্ঠানখনৰ পৰা এগৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংচন,এগৰাকী ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পোৱাৰ বিপৰীতে ১২ গৰাকীয়ে প্ৰথম,১৬ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩২ গৰাকী ছাত্ৰ -ছাত্ৰী তৃতীয় বিভাগত উত্তীৰ্ণ হয় বুলি শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰমণী কুমাৰ দাসে জানিবলৈ দিয়ে।
- Log in to post comments
- 41 views