কেন্দ্ৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত আজিৰে পৰা ৰেলকৰ্মীৰ সপ্তাহযোৰা আন্দোলন

Rail Mozdur

শ্ৰম আইন সংশোধন,কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া ভাট্টা কৰ্তন আৰু দেশৰ লাভজনক উদ্যোগসমূহ পুঁজিপতিৰ হাতত গটাই দিয়া আদি সিদ্ধান্তৰ বিৰোধিতাৰে অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰু এনএফ ৰেলৱে মজদুৰ ইউনিয়নে আজিৰে পৰা      ৰূপায়ণ কৰিছে এটা বৃহৎ আন্দোলনৰ কাৰ্যসূচী।আজিৰে পৰা অহা ৭ জুনলৈ সপ্তাহজোৰা 'জাগৰণ সপ্তাহ' পালন কৰিব।৮ জুনত পালন কৰিব "ক'লা দিৱস"।এই কথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি তথা এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই জানিবলৈ দিছে।তেওঁ কয় যে দেশবাসী ক'ৰ'না আতংকত আৰু লকডাউনৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী কাৰ্যত লিপ্ত হৈছে।দেশৰ লাভজনক উদ্যোগসমূহ বিক্ৰী কৰিবলৈ ধৰিছে।শ্ৰমিকৰ কৰ্তব্যৰ সময় আঠ ঘণ্টাৰ পৰা বৃদ্ধি কৰি বাৰ ঘণ্টা কৰি শ্ৰম আইন সংশোধন কৰিছে।কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া বানচ বন্ধ কৰি কৰ্মচাৰী আৰু পেন্সনাৰসকলক নিজৰ প্ৰাপ্যৰ পৰা বন্সিত কৰিছে।

'কৰ্মচাৰী আৰু পেন্সনাৰে বছৰত দুবাৰ মৰগীয়া বানচ লাভ কৰাটো বিধিসন্মত প্ৰক্ৰিয়া আৰু চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ পৰিৱৰ্তে কৰ্মচাৰীৰ মৰগীয়া বানচৰ কিস্তি        বন্ধ কৰা কাৰ্যই কৰ্মচাৰীক ক্ষতিগ্ৰস্ত কৰাৰ লগতে মনোবল ভাঙি পেলাব'- দাসগুপ্তাই কয়। 

কেন্দ্ৰীয় চৰকাৰৰ এনে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে চাকৰিয়াল আৰু জনসাধাৰণক সজাগ কৰি তুলিবলৈ গ্ৰহণ কৰা হৈছে এই আন্দোলনৰ কাৰ্যসূচী বুলি উল্লেখ কৰি 
দাসগুপ্তই কয়-"সমূহ ৰেল শ্ৰমিকে বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি চৰকাৰী নীতি -নিয়মৰ মাজেৰে আন্দোলনৰ কাৰ্যসূচী যাতে পালন কৰে।"

Your Comments