২৯ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ মধ্য অসমৰ পাঁচখন জিলাত সেনাবাহিনীৰ মকৰল সমাবেশ

২৯ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ মধ্য অসমৰ পাঁচখন জিলাত সেনাবাহিনীৰ মকৰল সমাবেশ

 

 
অহা ২৯ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ মধ্য অসমৰ পাঁচখন জিলা ক্ৰমে শোণিতপুৰ, মৰিগাঁও, নগাঁও, হোজাই আৰু বিশ্বনাথৰ বাবে সেনাবাহিনীয়ে এক ছয়দিনীয়া মকৰল সমাবেশৰ আয়োজন কৰিছে ।

এই সমাবেশ তেজপুৰৰ শ’লমাৰা মিলিটেৰী ষ্টেচনস্থিত মেঘনা স্প'ৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । নিয়োগৰ বাবে মুকলি পদসমূহ হৈছে সৈনিক- জেনেৰেল ডিউটী, সৈনিক- ক্লাৰ্ক/ভঁৰাল ৰক্ষক কাৰিকৰী, সৈনিক– কাৰিকৰী, সৈনিক– নাৰ্ছিং সহায়ক আৰু সৈনিক- ট্ৰেডছমেন ।

এই সমাবেশত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ বাবে অহা ২৫ নৱেম্বৰত শ্বিলঙৰ আৰ্মী পাব্লিক স্কুলত এক সৰ্বভাৰতীয় উমৈহতীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব । নাৰ্ছিং সহায়ক আৰু ক্লাৰ্ক/ভঁৰাল ৰক্ষক কাৰিকৰী পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব অহা বছৰৰ ২৭ জানুৱাৰীত । 

২৯ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ মধ্য অসমৰ পাঁচখন জিলাত সেনাবাহিনীৰ মকৰল সমাবেশ

সেনাবাহিনীৰ এই বৃহৎ মকৰল সমাবেশত অংশগ্ৰহণৰ বাবে অনলাইন পঞ্জীয়ন আৰু আবেদন বাধ্যতামূলক কৰা হৈছে । অনলাইন পঞ্জীয়নৰ এই প্ৰক্ৰিয়া অহা ৩০ আগষ্টৰ পৰা ১৩ অক্টোবৰলৈ চলিব ।

১৪ অক্টোবৰৰ পৰা প্ৰৱেশ-পত্ৰসমূহ উলিয়াব পৰা যাব আৰু সমাবেশত অংশগ্ৰহণৰ বাবে যাওঁতে এই প্ৰৱেশ-পত্ৰৰ প্ৰতিলিপি লগত নিব লাগিব । অনলাইন পঞ্জীয়ন আৰু সবিশেষ তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে সেনাবাহিনীৰ নিয়োগ ৱেৱছাইট www.joinindianarmy.nic.inত লগ্-অন কৰিব লাগিব ।

প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়স, উচ্চতা, ওজন আদি শাৰীৰিক যোগ্যতা, শাৰীৰিক সক্ষমতাৰ পৰীক্ষা, স্বাস্থ্য পৰীক্ষা, লিখিত পৰীক্ষা, প্ৰযোজনীয় নথি-পত্ৰ আদিৰ বিয়য়ে সবিশেষ জানিবৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী ফলক চাব পাৰে ।

অতিৰিক্ত তথ্যৰ বাবে প্ৰাৰ্থীসকলে শ্বিলংস্থিত সেনা নিয়োগ কাৰ্যালয়ৰ ফোন নং ০৩৬৪-২৫০৬৫৮১তো যোগাযোগ কৰিব পাৰে ।
 

Your Comments