'কোভিড-১৯'ত আক্রান্ত গেলেকীৰ যুৱক আব্দুলৰ সম্পৰ্কীয় যোৰহাটৰ ৯ বছৰীয়া আক্রান্ত শিশুটি

Pic

যোৰহাটৰ ৯ বছৰীয়া ক'ৰনা আক্রান্ত শিশুটিৰ ঘৰ যোৰহাট টাউনৰ পূজাদুবিৰ ৩ নং ৱাৰ্ডত।

উল্লেখ যে আক্রান্ত শিশুটি ইছলাম ধৰ্মাৱলম্বী।আক্রান্ত শিশুটি শিৱসাগৰ গেলেকীৰ আক্রান্ত ১৯বছৰীয়া যুৱক আব্দুল ছামিমৰ সম্পৰ্কীয়।যুৱকজনৰ সৈতে দিল্লীৰ পৰা একেখন ট্ৰেভেলাৰতে আহিছিল শিশুটি।এই কথা প্ৰকাশ কৰিছে যোৰহাট জিলা উপায়ুক্তই। শনিবাৰে ৰাতি ১৯ বছৰীয়া দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আব্দুলৰ দেহত ধৰা পৰিছিল ক'ৰ'না ভাইৰাছৰ উপস্থিতি। 

যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১৪ মে’ত একেখন ট্ৰেভেলাৰত দিল্লীৰ পৰা অসমলৈ আহিছিল শিৱসাগৰ গেলেকীৰ আব্দুল ছামিম।ছামিমৰ সৈতে অহা আটাইকেইজন লোকৰে ক'ৰ'না পৰীক্ষা কৰা হৈছে।৮ জনৰ দেহত ক'ৰ'নাৰ কোনো উপসৰ্গ পোৱা হোৱা নাই।

গুৰুত্বপূৰ্ণ যে  ছামিমৰ সৈতে অহা লোকসকলৰ ভিতৰত আছে এজন চৰাইদেউৰ বৰপথাৰৰ,এজন শিৱসাগৰৰ গেলেকীৰ আৰু ৫জন যোৰহাট টাউনৰ।

সকলোকে কাজিৰঙা বিশ্ববিদ্যালয়ত কোৱাৰেন্টাইন কৰা হৈছিল।বৰ্তমান সকলোকে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ অহা হৈছে।

Your Comments