নিউজ ডেস্ক :
মহামাৰী ক'ৰোনাৰ সংহাৰৰ সমান্তৰালকৈ বিগত কিছুদিনৰ পৰা দেশত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ ভয়ংকৰ পথ দূৰ্ঘটনা।তাৰ মাজতে শনিবাৰে উত্তৰ প্ৰদেশৰ ঔৰেয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা।শ্ৰমিক ভৰ্তি এখন ট্ৰাক আৰু এখন DCMৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ ফলত ২৪জন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে আন ৩৫জন শ্ৰমিক গুৰুতৰভাৱে হয়।স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০মান বজাত শ্ৰমিকৰ দলটোৱে চাহ খাবলৈ ৰোৱাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়োখন বাহনেই খাৱৈত বাগৰি পৰে। অৱশ্যে উত্তৰ প্ৰদেশ চৰকাৰে দুৰ্ঘটনাটোত মৃত্যু হোৱা প্ৰতিজন শ্ৰমিকৰ পৰিয়ালকে ২লাখ টকাকৈ এককালীন সাহাৰ্য্যৰ কথা ঘোষণা কৰাৰ বিপৰীতে দুগৰাকী SHOকো নিলম্বন কৰে।উল্লেখ্য যে নিহত শ্ৰমিকসকলৰ অধিকাংশই ঝাৰখণ্ড আৰু পশ্চিমবংগৰ আছিল।
- Log in to post comments
- 12 views