২০লাখ কৌটি টকীয়া পেকেজ সন্দৰ্ভত চৰকাৰক কটাক্ষ ৰাহুল গান্ধীৰ

Rahul

নিউজ ডেক্স-
"যেতিয়া শিশুয়ে কষ্ট পায়, তেতিয়া মাকে সাহাৰ্য্য নিদিয়ে বৰঞ্ছ সহায়হে কৰে। সাম্প্ৰতিক পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়েও দেশৰ দৰিদ্ৰ শ্ৰমিক সকলৰ বাবে পেকেজৰ  পৰিৱৰ্তে তৎকালীন আৰ্থিক সহায় আগবঢ়োৱাহে উচিত"- চৰকাৰৰ ২০লাখ কোটি টকীয়া পেকেজ সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীয়ে। শনিবাৰে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা এক আলোচনাৰ মাজতেই কংগ্ৰেছী সাংসদগৰাকীয়ে কয় যে দেশৰ হেজাৰ হেজাৰ দৰিদ্ৰ শ্ৰমিকক এতিয়া ধনৰ প্ৰয়োজন।চৰকাৰে আঁচনি ৰূপায়ন কৰাৰ পৰিৱৰ্তে  শ্ৰমিকসকলক বেংক একাউণ্টৰ জৰিয়তে আৰ্থিক সাহাৰ্য্য আগবঢ়াব লাগে।ইয়াৰোপৰি ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰ জনসাধাৰণৰ প্ৰতি অধিক দায়বদ্ধ হোৱা উচিত।

Your Comments