আজানত মাইক ব্যৱহাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

AAjan

নিউজ ডেস্ক :
আজানৰ সময়ত লাউডস্পিকাৰ ব্যৱহাৰ কৰা প্ৰসংগৰ ওপৰত গুৰুত্বপূৰ্ণ  সিদ্ধান্ত প্ৰদান কৰে এলাহাবাদ হাই কোৰ্টে।উল্লেখ্য যে সমগ্ৰ দেশত অব্যাহত থকা লকডাউনৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সকলো ৰাজহুৱা স্থানতেই ভিৰ একত্ৰ হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল,ইয়াৰ সমান্তৰালকৈ মন্দিৰ মছজিদ আদি স্থানত  লাউডস্পিকাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো গাজীপুৰ জিলাধিপতিয়ে মৌখিকভাৱেক নিশেষাজ্ঞা  আৰোপ কৰিছিল।কিন্তু গাজীপুৰৰ বহুজন সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীয়ে চৰকাৰৰ এই নিৰ্দেশনাৰ বিৰোধীতা কৰি সমগ্ৰ বিষয়টো এলাহাবাদ হাই কোৰ্টত উত্থাপন কৰিছিল।ইয়াৰ পাছত শুক্ৰবাৰে  এলাহাবাদ হাইকোৰ্টে সমগ্ৰ বিষয়টোৰ ওপৰত বিবেচনা কৰি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে-"আজানৰ সময়ত মছজিদ কৰ্তৃপক্ষই ব্যৱহাৰ কৰিব নোৱাৰিব লাউডস্পিকাৰ, যদিও আজান  দিয়াতো ইছলাম ধৰ্মৰ গুৰুত্বপূৰ্ণ অংশ কিন্তু  সেয়া জোৰকৈ অইন ধৰ্মৰ ব্যক্তিক শুনোৱাতো দেশৰ আইনে মানি নলয়। যাৰ বাবে নিশা ১০বজাৰ পৰা ৰাতিপুৱা ৬বজালৈ স্পিকাৰ বজোৱাৰ ক্ষেত্ৰত কোৰ্টে বাধা আৰোপ কৰে।অৱশ্যে কোৰ্টৰ এই নিৰ্দেশনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Your Comments