বিটিচি পৰিষদীয় শাসন ৰাজ্যপালৰ হাতলৈ যোৱাৰ বিৰোধিতাৰে বিপিএফৰ নেতৃত্ব কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।নিৰ্বাচনৰ দিন ঘোষণা কৰিও ক'ৰ'নাৰ বাবে বাতিল কৰিব লগা হোৱাৰ বাবে বিটিচি পৰিষদৰ শাসন মুখ্যমন্ত্ৰীৰ সন্মতিত ৰাজ্যপালে নিজৰ অধীনলৈ নিছিল।তাতে অসন্তুষ্ট হৈ শাসকীয় বিপিএফ দ্বাৰস্থ হৈছিল আদালতৰ।তেওঁলোকৰ অভিযোগ আছিল অবৈধভাৱে বিটিচিৰ শাসন ৰাজ্যপালৰ হাতলৈ গৈছে।ৰাজ্যপালৰ শাসন বাতিল কৰি তেওঁলোকক শাসনৰ দায়িত্ব দিয়াৰ বাবে ন্যায়ালয়ত আবেদন জনাইছিল।
সেই আবেদনৰ বিৰুদ্ধে শুকুৰবাৰে ন্যায়ালয়ত শপতনামা দাখিল কৰে ৰাজ্যপালে।এই কথা অৱগত কৰিছে চৰকাৰী পক্ষৰ অধিবক্তা মানস শৰণীয়াই।তেওঁ জানিবলৈ দিয়া অনুসৰি মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিবৰ সন্মতিসাপেক্ষে বিটিচিৰ শাসনভাৰ দিয়া হৈছে ৰাজ্যপালক।শপতনামা যোগে উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰা হৈছে।লগতে তেওঁ কয় যে সংবিধানৰ নিয়ম অনুুসৰি ৰাজ্যপালক দিয়া হৈছে বিটিচিৰ শাসনভাৰ।কিন্তু বিপিএফৰ নেতৃত্বৰ মতে সংবিধান উলংঘা কৰি বিটিএডিত শাসনভাৰ চলাইছে ৰাজ্যপালে।
ইফালে,কেবিনেটৰ সিদ্ধান্ত নোলোৱাকৈ বিটিচিত ৰাজ্যপালৰ শাসন হোৱা আৰু
বিটিচিৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে ৰাজ্যপালে গ্ৰুপ অৱ মিনিষ্টাৰচৰ সন্মতি নোলোৱা বুলি বিপিএফ নেতৃত্বই অভিযোগনামত উল্লেখ কৰিছে।অধিবক্তা শৰণীয়া এই কথা জানিব দিয়ে।
তাৎপৰ্যপূৰ্ণ যে ৰাজ্যপালৰ শাসনৰ সমৰ্থন জনাই সাংসদ নৱ শৰণীয়াই আদলতত আবেদন দাখিল কৰিছে।
- Log in to post comments
- 15 views