"দিনে-দিনে ক'ৰনা আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ জনপ্ৰতিনিধি হিচাপে মই চিন্তিত,সমগ্ৰ বিষয়টো গভীৰভাৱে অধ্যয়ন কৰিছো"-এই গুৰুত্বপূৰ্ণ মন্তব্য মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
বহি:ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ অধিকসংখ্যক ব্যক্তি আৰ্থিক দীনতাৰ বাবে নানা সমস্যাৰ সন্মুখীন হৈছে।তেওঁলোকে খোজকাঢ়ি নোখোৱা-নেমেলাকৈ ঘৰমুৱা হোৱাৰ কথা উল্লেখ কৰি বিধায়ক কুর্মীয়ে কয় "বহি:ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক অসমলৈ ঘূৰাই অনাৰ বাবে পৰিয়ালৰ লোকসকলে বিচাৰিছে।তাৰ সমান্তৰালকৈ আমিও তেওঁলোকৰ নিৰাপত্তা বিচাৰিছোঁ।বহুসংখ্যক ৰেলৰ জৰিয়তে আহি আছে আৰু আহিব।"
বহি:ৰাজ্যৰ পৰা ঘূৰি অহা লোকসকলক ৰখাৰ বাবে নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ।কিন্তু কাৰোবাৰ ঘৰৰ ওচৰত বা অঞ্চলত তেনে চেণ্টাৰ নিৰ্মাণ কৰাৰ বাবে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু আপত্তি কৰিছে।বিধায়কগৰাকীয়ে ৰাইজক উদ্দেশ্য কৰি কয়-"মই অকলে নহয়,সকলোৱে লগ লাগি আমাৰ আপোনসকলৰ বাবে স্থাপন কৰিছে এই চেণ্টাৰসমূহ।ৰাইজ চিন্তিত নহ'ব,ৰেলত উঠাৰ আগত আৰু ষ্টেচনত নমাৰ পিছত যাত্ৰীসকলক পৰীক্ষা কৰা হয়।যিসকল সুস্থ তথা কোনো লক্ষণ দেখা পোৱা নাযায়,সেইসকলক কোৱাৰেণ্টাইনত ৰখা হ'ব।যিসকলৰ লক্ষণ দেখা যাব তেওঁলোকক পোনে পোনে মেডিকেললৈ নিয়া হ'ব।"
'আমি সকলো অসমৰ মানুহ।যাতে অসমত আৰু মানুহৰ ক'ৰ'নাত মৃত্যু নহয়,তাৰ বাবে এইসমূহ ব্যৱস্থা গ্ৰহণ কৰা হৈছে'-কুর্মীয়ে লগতে কয়।
- Log in to post comments
- 18 views