এটা ভাল খবৰ।অদূৰ ভৱিষ্যতত এটা ভাৰতীয় হোৱাটছএপ ভাৰতৰ জনসাধাৰণে ব্যৱহাৰ কৰিব পাৰিব।ভাৰতীয় প্ৰযুক্তিবিদসকলে স্বদেশী হোৱাটছএপ নিৰ্মাণ প্ৰক্ৰিয়া চলাই আছে।'এনআইচি' আৰু 'চিডট' নামৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থা দুটাই এই স্বদেশী হোৱাটছএপ নিৰ্মাণৰ কাম চলাই আছে।এই তথ্য প্ৰকাশ কৰিছে আইন,তথ্য-প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে।উল্লেখ্য যে বৰ্তমান ভাৰতীয় জনতাই ব্যৱহাৰ কৰি থকা হোৱাটছএপ আমেৰিকাৰ কোম্পানী ফেচবুকৰ অধীনৰ।
- Log in to post comments
- 24 views