শুই থকা অৱস্থাতে ৰেলে কাটিলে ১৭জনকৈ শ্ৰমিকক

Rail

নিউজ ডেস্ক :
১৭ শ্ৰমিকক ৰে'লে কাটিলে ঔৰংগাবাদত। শুকুৰবাৰে পুৱাতেই সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। ১৭জন প্ৰব্ৰজিত শ্ৰমিকক ৰে'লৱে ট্ৰেকত শুই থকা অৱস্থাতে ৰে'লে কাটে। জালনা আৰু ঔৰংগবাদৰ মাজত চলা এখন মালবাহী ৰে'লে তেওঁলোকক মহতিয়াই নিয়ে। যাৰ ফলত শুই থকা অৱস্থাতে মৃত্যু ঘটে শ্ৰমিককেইজনৰ। শ্রমিক কেইজনে জালনাৰ এটা তীখা কাৰখানাত কাম কৰিছিল আৰু মধ্য প্ৰদেশৰ নিজৰ ঘৰলৈ উভতি যাবৰ বাবে আহিছিল। ৰে'ল লাইনত খোজকাঢ়ি ভাগৰি পৰাত তাতেই শুই পৰিছিল দুৰ্ভগীয়া শ্ৰমিক কেইজন।

Your Comments