বঙাইগাঁৱত ‘হিডেন আইডল’ৰ উদ্যোগত বিহু নৃত্য প্ৰদৰ্শন

bogaigaon_bihu

অসমীয়াৰ পৰম্পৰাগত বিহু নৃত্যক বিশ্ব দৰবাৰত জনপ্ৰিয় কৰি তোলাৰ লগতে ইউনিভাৰছেল ডেন্স ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে দেওবাৰে বঙাইগাঁও চহৰৰ গান্ধী ময়দানত বিভিন্ন শিক্ষানুষ্ঠান আদিৰ পাঁচ শতাধিক বিহুৱতীয়ে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে লণ্ডনস্থিত 'হিডেন আইডল' নামৰ এটা আন্তৰ্জাতিক সাংস্কৃতিক সংস্থাই বিহু নৃত্যক  বিশ্ব দৰবাৰত উজলাই তোলাৰ লক্ষ্যৰে এই বিহু নৃত্য প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল ৷ সংস্থাটোৰ বঙাইগাঁও জিলাৰ জিলা সমন্বয়ক স্বাগতা মিত্ৰই জানিবলৈ দিয়া মতে বঙাইগাঁৱৰ লগতে গুৱাহাটীৰ খানাপাৰা আৰু লণ্ডনতো এইদৰে বিহু নৃত্য প্ৰদৰ্শন কৰা হয় ৷

'আমি ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যৰে এই বিহু নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰিছিলোঁ যদিও হয়তো এইবাৰ সফল হ'ব নোৱাৰিম ৷ কিন্তু আগলৈ আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব ৷’ উদ্যোক্তাসকলৰ মন্তব্য । বঙাইগাঁৱত অনুষ্ঠিত অনুষ্ঠানত সংস্থাটোৰ তৰফৰ পৰা নিৰেন দাস, ৰাজু সৰকাৰ আৰু বিমল ডেকাক 'বিহু গুৰু' উপাধিৰে সন্মানিত কৰা হয় ৷ অনুষ্ঠানত বঙাইগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ উল্লেখ্য যে বিহু নৃত্য প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা বিহুৱতীসকলক সংস্থাটোৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
 

Your Comments