বৰ্হিৰাজ্যত আৱদ্ধ যাত্ৰীসকলক ওভতাই অনাৰ বাবে মুখ্যমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Pic

'লকডাউন'ৰ বাবে বৰ্হিৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ ব্যৱস্থা।এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত স্বাস্থ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বহুকেইজন জ্যেষ্ঠ বিষয়াৰ সৈতে শুকুৰবাৰে অনুষ্ঠিত কৰা হয় এখন গুৰুত্বপূৰ্ণ বৈঠক‌।বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা ব্যক্তিসকলক কিদৰে পৰ্যায় অনুসৰি অসমলৈ ঘূৰাই আনিব পৰা যায়,সেই সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়।স্বাস্থ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি দুই-এদিনৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আৱদ্ধ হৈ থকা ব্যক্তিসকলক অনা হ'ব অসমলৈ।তাৰ বাবে ৰাজ্যৰ পৰিবহণ নিগমৰ বাছ শ্বিলং, ইটানগৰ আদি অঞ্চলসমূহলৈ হয়তো যাব লগা হ'ব পাৰে।উত্তৰ-পূবৰ পিছতে দেশৰ অন্য ৰাজ্যসমূহত আৱদ্ধ হৈ থকা যাত্ৰীসকলক ৰাজ্যলৈ পৰ্যায় অনুসৰি ঘূৰাই অনা হ'ব।এই কথা মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

ইফালে আজি মুখ্যমন্ত্ৰী সৈতে হোৱা আলোচনাৰ সিদ্ধান্ত সংবাদ মেলৰ জৰিয়তে কম সময়ৰ ভিতৰতে ঘোষণা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ইংগিত প্ৰদান কৰে।

Your Comments