ক'ৰ'নাই বিধ্বস্ত কৰা ৰাজ্যৰ অৰ্থনীতি উদ্ধাৰ কৰিবলৈ হ'লে আগন্তক দিনসমূহত কৃষিখণ্ডত হ'ব লাগিব গুৰুত্বপূৰ্ণ মনোনিৱেশ।সেই কথা গুৰুত্বসহকাৰে উপলব্ধি কৰিছে ৰাজ্য চৰকাৰে।যোৱা ২৮এপ্ৰিলত ৰাজ্য চৰকাৰে হেৰোৱা অৰ্থনীতি উদ্ধাৰ কৰাৰ বাবে ২৯ গৰাকী অৰ্থনীতিবিদৰ মতামত গ্ৰহণ কৰাৰ সময়তো কৃষিখণ্ডত ৰাজ্য চৰকাৰক অধিক গুৰুত্ব দিয়াৰ পৰামৰ্শ দিছিল।তাৰে প্ৰথম পদক্ষেপ হিচাপে ৰাজ্যৰ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাই আৰম্ভ কৰিছে খেতিপৰ্ব।জন্মভূমি গোলাঘাট জিলাৰ বৰহীগাঁৱৰ নিজ পথাৰত খেতিয়ক ৰূপত ট্ৰেক্টৰে চহ কৰিছে মাটি।পুৱাই জন্মঘৰৰ পৰা ট্ৰেক্টৰ লৈ আহিল খেতিয়ক অতুল বৰা।চহ কৰিছে ধান খেতিৰ বাবে কৃষিভূমি।
পথাৰত হাল বাই মন্ত্ৰী বৰাই নিজকে ডেকা জীৱনলৈ ঘূৰি যোৱাৰ দৰে অনুমান কৰিছো বুলি উল্লেখ কৰে।তেওঁ কয়- 'খেতিয়কৰ পুত্ৰ হিচাপে খেতিৰ প্ৰতি মই আগ্ৰহী।নৱপ্ৰজন্ম খেতিৰ প্ৰতি আগ্ৰহী হওঁক।'
- Log in to post comments
- 30 views