'লকডাউন'ৰ মাজতে গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাঁচটাকৈ দুধর্ষ চোৰক।শিলপুখুৰীস্থিত পঞ্চৱতী আশ্ৰমৰ পৰা যোৱা ২৭এপ্ৰিলত সংঘটিত হোৱা চুৰি কাণ্ডত জড়িত আছিল ধৃত চোৰকেইটা।এই কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে চানমাৰি আৰক্ষীয়ে।
উল্লেখ যে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰিছিল গান্ধীবস্তী ৰেল লাইনৰ সমীপৰ পৰা ধৃত চোৰকেইটাক।ছাফিকুল ইছলাম(২৮),ধুবুৰী বেপাৰীপট্টি, মেহবুব আলী(১৯)মানকাচাৰ, জাহিৰুল আলী(১৯) বৰপেটা কলগাচিয়া আৰু কাইম আলী(১৮) ধুবুৰীৰ বেপাৰীপট্টি।আনহাতে গ্ৰেপ্তাৰ হোৱা এটা চোৰ ১২বছৰীয়া নাবালক,ঘৰ দৰং জিলাৰ নিমতলী।
ধৃত চোৰকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে আশ্ৰমখনৰ বহু পুৰণি কাঁঁহ-পিতলৰ সম্পদৰ লগতে কিছু সন্মান সামগ্ৰী।ইয়াৰ উপৰিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰিটাকৈ মোবাইল ফোন।ধৃত চোৰকেইটাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
- Log in to post comments
- 29 views