মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা:ৰাজ্যক আৰ্থিক সংকটৰ পৰা উদ্ধাৰৰ বাবে কি কি কৰ্তন কৰিলে পঢ়ক

Pic

ক'ৰ'নাই বিধ্বস্ত কৰা ৰাজ্যৰ অৰ্থনীতি পুনৰ উদ্ধাৰ কৰাৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ বিশেষ পদক্ষেপ।বহুতো শিতানত পুঁজি হ্ৰাস তথা কিছু সুবিধা বন্ধ কৰিলে চৰকাৰে।এই কথা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি আগন্তক চাৰি মাহলৈ বিত্ত বিভাগৰ অনুমোদন নোহোৱাকৈ প্ৰশাসনিক বিভাগসমূহে কোনো আঁচনি প্ৰস্তুত কৰিব নোৱাৰিব।স্ব-অগ্রাধিকাৰ পুঁজি ব্যয় কৰিবলৈ হ'লে বিত্ত বিভাগৰ আগতীয়া অনুমোদন ল'ব লাগিব।

চৰকাৰী কাৰ্যালয়সমূহত গাড়ী,মটৰ,তেল,চাহৰ বাবে নিৰ্ধাৰণ কৰা আগন্তক চাৰি মাহৰ ২৫%পুঁজিৰ ১০%শতাংশ খৰছ কৰিব পাৰিব।

গেছক্ৰেকাৰৰ বাহিৰে সকলো ঔদ্যোগিক প্ৰতিষ্ঠানক আগন্তক চাৰি মাহলৈ কৰ ওভতাই দিয়া ব্যৱস্থা বন্ধ।

মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ অনুমোদন নোহোৱাকৈ কোনো চৰকাৰী বিভাগে বাহন ক্ৰয় কৰিব নোৱাৰিব।

চৰকাৰী বিভাগত চাৰি মাহৰ বাবে বাতিল বৈঠক আৰু চেমিনাৰ।পঞ্চতাৰকা হোটেলত কোনো চৰকাৰী বিভাগে অনুষ্ঠিত কৰিব নোৱাৰিব বৈঠক তথা অনুষ্ঠান।যদি কিবা বৈঠক হবলৈ হয় ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে হব।

ৰাজ্যৰ মুখ্য ন্যায়াধীশ,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ,মুখ্যমন্ত্ৰী,ৰাজ্যপাল আৰু মুখ্য সচিবৰ বাহিৰে বাকী সকলোৰে বিশেষ শ্রেণী ভ্ৰমণ বন্ধ।

আনহাতে,বিষয়াসকলে সাধাৰণ হোটেলত থাকিব লাগিব।ৰাজ্য চৰকাৰৰ কোনো বিষয়া বৈদেশিক ভ্ৰমণত যাবলৈ নোৱাৰিব।

মন্ত্ৰী-বিধায়ক আৰু ৰাজ্যপালে দৰমহা ৩০ শতাংশ কমাই ল'ব।

নিগমৰ অধ্যক্ষ-উপাধক্ষসকলৰ দৰমহা ২৫% চাৰি মাহৰ বাবে কৰ্তন কৰা হ'ব।

২০২০-২১বিত্তীয় বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজি আগন্তক চাৰি মাহলৈ দিয়া নহ'ব।উপায়ুক্তসকলৰ ওচৰত জমা থকা পূৰ্বৰ বছৰৰ পুঁজি ব্যয় কৰিব পাৰিব।

ইফালে,এপ্ৰিল মাহৰ ৰাজ্যিক কৰ্মচাৰী দৰমহা  সম্পূৰ্ণ মুকলি কৰি দিব চৰকাৰে।পূৰ্বৰ ১তাৰিখৰ পৰিৱৰ্তে ৮মে'ত পাব দৰমহা।এই কথা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

Your Comments