৩৬ জনলৈ বৃদ্ধি ৰাজ্যত ক'ৰ'না আক্রান্ত

'লকডাউন'ৰ মাজেতে ৰাজ্যত পুনৰ বৃদ্ধি পালে ক'ৰ'না আক্রান্তৰ সংখ্যা।কিছুসময় পূৰ্বে বঙাইগাঁও জিলাৰ শালমৰাত ধৰা পৰিছে এগৰাকী আক্রান্ত।১৬বছৰীয়া এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে ক'ৰ'না উপস্থিতি।এই কথা প্ৰকাশ কৰিছে  স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে নিজামুদ্দিনৰ সৈতে জড়িত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল যুৱতীগৰাকী।

গুৰুত্বপূৰ্ণ যে ৰাজ্যত  ৩৬ জনলৈ বৃদ্ধি পালে ক'ৰ'না আক্ৰান্তৰ সংখ্যা।তাৰে ২৭ গৰাকী সুস্থ হোৱাৰ বিপৰীতে এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Your Comments