নিউজ ডেক্স:-
কেৰিয়াৰত চেকা লাগিল পাকিস্তানী ক্ৰিকেটাৰ ওমৰ অকমলৰ। তিনিবছৰলৈ প্ৰতিবন্ধকতা আৰোপ কৰা হ'ল পাক ক্ৰিকেটাৰজনৰ ওপৰত। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত খেলৰ মাজত বেমেজালি সৃষ্টি কৰাৰ অপৰাধত ওমৰ অকমলক নিলম্বন কৰা হৈছিল পাকিস্তান চুপাৰ লীগৰ পৰা।ইয়াৰ পাছতেই PCB Anti-corruption শাখাই ক্ৰিকেটাৰজনৰ বিৰুদ্ধে পৃথকে পৃথকে দুটা গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতেই তিনি বছৰলৈ প্ৰতিবন্ধকতা আৰোপ কৰা হয় পাক ক্ৰিকেটাৰ জনৰ ওপৰত। উল্লেখ্য যে ওমৰ অকমল পাকিস্তানৰ দ্বিতীয়জন হাই প্ৰোফাইল ক্ৰিকেটাৰ।ইয়াৰ পূৰ্বতে পাকিস্তানী বেটচমেন চাৰজিল খানক পাচ বছৰলৈ নিলম্বিত কৰিছিল পাকিস্তান ক্ৰিকেট সন্থাই।
- Log in to post comments
- 30 views