ক'ৰ'না প্ৰতিৰোধৰ বাবে ২৫ কোটি টকা দিও অক্ষয় কুমাৰে ক'লে-'মই কোন হওঁ দান কৰোঁতা!'

Pic

বিভিন্ন সংকটৰ সময়ত সদায় দেশবাসীৰ কাষত থকা ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ক'ৰ'না সংকটৰ সময়ত 'পিএম-কেয়াৰ ফাণ্ড'লৈ ২৫ কোটি টকাৰ বিশাল পৰিমাণৰ দান আগবঢ়াই পুনৰ প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী প্ৰকৃত সমাজ হিতৈষী ব্যক্তি আৰু দেশভক্ত।এই সন্দৰ্ভত অক্ষয় কুমাৰে যিখিনি বক্তব্য আগবঢ়ালে,সেইখিনিয়েও মহানতাৰ পৰিচয় দাঙি ধৰিলে।অক্ষয়ে ক'লে-'মই কোন হওঁ চেৰিটী অথবা দান কৰোঁতা মানুহ।দ্বিতীয় কথা,আমি সকলোৱে দেশখনক নিজৰ মাতৃ বুলি কওঁ।এই সহযোগিতা দৰাচলতে সহযোগিতা নহয়।এয়া মোৰ মাতৃৰ তৰফৰ পৰা ভাৰত মাতৃলৈ সহযোগিতা।'

Your Comments