২১ দিনৰ দেশব্যাপি 'লকডাউন'ৰ আজি প্ৰথমটো দিন:জনতাৰ ব্যাপক সঁহাৰি

Pic
ক'ৰ'না সংক্ৰমণৰ বিৰুদ্ধে যুঁজত সফলতা লাভ কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২১ দিনৰ দেশব্যাপি 'লকডাউন'ৰ আজি প্ৰথমটো দিন।দেশৰ প্ৰতিটো প্ৰান্তৰতে লকডাউনৰ প্ৰতি জনতাই সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে।আনহাতে,বহু অঞ্চলত পুৱাই গাখীৰ আৰু পাচলিৰ দোকানলৈ নাগৰিক আহিবলৈ ধৰিছে।দেশৰ একাংশ এলেকাত লকডাউন উলংঘা কৰা লোকৰ প্ৰতি আৰক্ষী কঠোৰ হোৱা দেখা গৈছে।ইফালে,লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান অব্যাহত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে।

Your Comments