নিউজ ডেস্ক :
মণিপুৰত ক'ৰনা ভাইৰাছ আক্ৰান্তৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতেই মণিপুৰত ঘোষণা কৰা হৈছে লক ডাউন।মণিপুৰৰ ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিলে এই নির্দেশনা।একমাত্ৰ জৰুৰীকালী সেৱাৰ বাহিৰে বাকী সকলো এতিয়াৰে পৰা ৩১মার্চ লৈকে বন্ধ ঘোষণা কৰিছে মণিপুৰত।
উল্লেখ্য যে কিছুসময় পূৰ্বে মণিপুৰৰ এগৰাকী ২৩বছৰীয়া যুৱতী দেহত ধৰা পৰিছিল ক'ভিড-১৯ৰ উপস্থিতি।লণ্ডনৰ পৰা অহা যুৱতীৰ গৰাকী ইম্ফলৰ জৱাহৰলাল নেহেৰু হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰিছিল এই ভাইৰাছৰ উপস্থিতি।বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে যুৱতী গৰাকীক।
- Log in to post comments
- 11 views