দেশবাসীক আহ্বান দেশৰ প্ৰধানমন্ত্ৰী মোডী "কৃপা কৰি নিজৰ লগতে পৰিয়ালক ৰক্ষা কৰক, নির্দেশ গুৰুত্ব সহকাৰে পালন কৰক"* মহামাৰী কৰ'না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে দেশবাসীক পুনৰ আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সামাজিক মাধ্যমৰ জড়িয়তে প্ৰধানমন্ত্ৰী গৰাকী

Pic

দেশবাসীক আহ্বান দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ-"কৃপা কৰি নিজৰ লগতে পৰিয়ালক ৰক্ষা কৰক,নির্দেশ গুৰুত্ব সহকাৰে পালন কৰক"

মহামাৰী ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশবাসীক পুনৰ আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।সামাজিক মাধ্যমৰ  টুইটাৰযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে-"লকডাউন একাংশ ব্যক্তিয়ে গভীৰ গুৰুত্বসহকাৰে লোৱা নাই।কৃপা কৰি নিজৰ লগতে পৰিয়ালক ৰক্ষা কৰক।নির্দেশ গুৰুত্বসহকাৰে পালন কৰক।"

এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে-"জনতাক নিয়ম-কানুন পালন কৰাওক।"

উল্লেখ যে সমগ্ৰ বিশ্বত ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে দেশত।ইতিমধ্যে দেশত আঠগৰাকী আক্ৰান্তই মৃত্যুক আঁকোৱালি লৈছে।আক্রান্তৰ সংখ্যা হৈছেগৈ ৪২৯ গৰাকী।দেশৰ  সৰ্বাধিক আক্রান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, দ্বিতীয়তে আছে কেৰেলা।

সৌভাগ্যক্ৰমে এই পৰ্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰা নাই ক'ৰ'না আক্রান্ত।

Your Comments