'জনতা কাৰ্ফিউ' চলি থকাৰ মাজতে দেওবাৰে দেশত তৃতীয়গৰাকী কৰ'নাত আক্রান্ত ৰোগী মৃত্যু হৈছে।চিকিৎসা চলি থকাৰ সময়তে গুজৰাটৰ ছুৰাটত এজন ব্যক্তিৰ মৃত্যু হয়।সেই অনুসৰি ক’ৰ’নাৰ ফলত ভাৰতত মৃত্যুৰে সংখ্যা হ'লগৈ ৭জন। গুজৰাটত প্ৰথমটো মৃত্যুৰ ঘটনা এয়া।প্ৰাপ্ত খবৰ অনুযায়ী ৬৭ বছৰীয়া লোকজনৰে ছুৰাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।মৃত্যু হোৱা লোকজন দিল্লী আৰু জয়পুৰৰ পৰা ৰে'লেৰে যাত্ৰা কৰি আহিছিল ছুৰাটলৈ। মৃত্যু হোৱা লোকজন ক’ৰ’নাৰ উপৰি বৃক্ক আৰু এজমা ৰোগতো আক্ৰান্ত আছিল। গুৰুত্বপূৰ্ণ কথা এই যে দেওবাৰৰও দিনটোত দেশত আক্রান্তৰ সংখ্যা ৩৪০ জনলৈ বৃদ্ধি পাইছে।
- Log in to post comments
- 81 views