বিশ্বজুৰি ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ভাৱে ভাৰততো গুৰুতৰ ৰূপ ধাৰণ কৰিছে।ইতিমধ্যে দেশত আক্ৰান্ত ৰোগীৰে সংখ্যা ৩৪৮ জনলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৬ জনলৈ।সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক'ৰ'না মহামাৰীৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সতৰ্কতামূলক ব্যৱস্থা।সেই অনুসৰি ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছে 'জনতা কাৰ্ফিউ'ৰ।পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ প্ৰতিগৰাকী নাগৰিকক ঘৰৰ ভিতৰতে সোমাই থকাৎ আহ্বান জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি। জনতই সঁহাৰি দিয়া পৰিলক্ষিত হৈছে।
গুৰুত্বপূৰ্ণ যে ক'ৰ'না প্ৰতিৰোধৰ বাবে ৰে'ল বিভাগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। সেই অনুসৰি ৩১মাৰ্চলৈকে দেশত সকলো যাত্ৰীবাহী ৰে'লসেৱা বন্ধ কৰিছে বিভাগে।উল্লেখ যে সকলো ষ্টেচন জনশূন্য কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।উল্লেখ্য যে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ পৰিবহণ অব্যাহত ৰখাৰ বাবে মালবাহী ৰে'লৰ চলাচল অব্যাহত থাকিব।
- Log in to post comments
- 20 views