প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ'লৈ দেশজুৰি ব্যাপক সঁহাৰি।দেশৰ সকলো ৰাজ্যতে নাগৰিকসকলে ঘৰৰ ভিতৰতে থাকি ক'ৰ'না প্ৰতিৰোধৰ সংকল্প শক্তিশালী কৰিছে।দেশৰ লগতে গুৱাহাটীতো ৰে'ল চলাচল,ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বাহন চলাচল বন্ধ আছে।পথসমূহ হৈ পৰিছে জনশূন্য।অসমতো প্ৰতিটো প্ৰান্তৰতে 'জনতা কাৰ্ফিউ'লৈ নাগৰিকসকলে ব্যাপক সঁহাৰি জনাইছে আৰু কৰনা প্ৰতিৰোধৰ উল্লেখ্য যে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা 'জনতা কাৰ্ফিউ' নিশা ৯ বজালৈ অব্যাহত থাকিব।
- Log in to post comments
- 23 views