সম্প্ৰতি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ভাৰতৰ অৰ্থব্যৱস্থাৰ ব্যাপক ক্ষতিসাধন কৰিছে।এই বিষম পৰিস্থিতিত ক্ষুদ্ৰ,মজলীয়া ব্যৱসায়ী আৰু মজদুৰসকলৰ যথেষ্ট আৰ্থিক ক্ষতি হৈছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এটা টুইটযোগে উল্লেখ কৰিছে।এই সকল লোকক সকাহ দিবলৈ নগদ ধনৰ সহায়,কৰ ৰেহাই,ঋণ পৰিশোধ ৰেহাই আদিক সাঙুৰি এটা বৃহৎ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে টুইটযোগে দাবী জনাইছে ৰাহুল গান্ধীয়ে।
- Log in to post comments
- 61 views