শুকুৰবাৰে পুৱা ৫-৩০ বজাত দিল্লীৰ তিহাৰ জেলত ফাঁচি দিয়া হ'ল নিৰ্ভয়া-কাণ্ডৰ চাৰিটা অপৰাধীক।ফাঁচি দিয়া হ'ল ধৰ্ষণকাৰী বিনয়,মুকেশ,অক্ষয় আৰু পৱন গুপ্তাক।উল্লেখ্য যে এই অপৰাধীকেইটা ২০১২ চনৰ ১৬ ডিচেম্বৰত দিল্লীত সংঘটিত নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ-কাণ্ডত জড়িত আছিল।পিছত চিকিৎসাধীন অৱস্থাত নিৰ্ভয়াৰ মৃত্যু হৈছিল।৭ বছৰ ৩ মাহ আৰু ৩ দিনৰ পিছত ন্যায় লাভ কৰিলে নিৰ্বোয়াই।
- Log in to post comments
- 23 views