দেশজুৰি হোলীৰ হৰ্ষোল্লাস:অযোধ্যাত সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাৰ্তা প্ৰেৰণৰে হোলী

Pic

দেশজুৰি ৰঙৰ উৎসৱ হোলীৰ হৰ্ষোল্লাস।হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থান উত্তৰ প্ৰদেশৰ মথুৰা,বৃন্দাবন,অযোধ্যাতো ভক্তসকলে উল্লাসেৰে হোলী উদযাপন কৰিছে।মথুৰাত ভক্তসকলে পৰস্পৰলৈ ফুল ছটিয়াই হোলী খেলিছে।বৃন্দাবনত ৰংগিলী গলী আৰু ৰছিলী গলীৰ দৰে স্থানত ভক্তসকলে ইজনে-সিজনক আবিৰ সানি হোলী উদযাপন কৰিছে।আনহাতে,ৰাম মন্দিৰ বিবাদৰ অন্ত পৰাৰ পিছত অযোধ্যাত প্ৰথমবাৰৰ বাবে জনতাই হোলী পালন কৰিছে।পূজাৰী সত্যেন্দ্ৰ দাস আৰু ইকবাল আনছাৰীয়ে একেলগে হোলী খেলি সাম্প্ৰদায়িক সৌহাৰ্দ্যৰ বাৰ্তা প্ৰেৰণ কৰিছে।অসমতো বিভিন্ন স্থানত জনতাই উল্লাসেৰে হোলী খেলা পৰিলক্ষিত হৈছে।অৱশ্যে,ক'ৰ'না ভাইৰাছৰ আতংকৰ বাবে এইবাৰ পৰস্পৰক আবিৰ লগোৱাতো যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে।

Your Comments