দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।২০০ জনৰো অধিক লোক আহত হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শান্তি-সম্প্ৰীতি অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাইছে।আনহাতে,কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰিছে।দিল্লীত শাসনাধীষ্ঠ আম আদমী পাৰ্টীয়ে দিল্লী আৰক্ষী ৰ ব্যৰ্থতা ৰ অভিযোগ তুলি অশান্ত এলেকা সমূহত সেনা মোতায়েনৰ দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 14 views