ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতীয় চিকিৎসকসকলে উল্লেখযোগ্য সফলতা লাভ কৰিছে।এতিয়া ভাৰতত এগৰাকীও ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত ৰোগী নাই।চীনৰ পৰা উভতি আহি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত চিকিৎসাধীন হৈ থকা কেৰেলাৰ তিনিগৰাকী ছাত্রক আৰোগ্য কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ চিকিৎসকসকলে।আটাইকেইজন ছাত্ৰক ঘৰলৈ যাবলৈ দিয়া হৈছে।উল্লেখ্য,ছাত্ৰ কেইজন কঞ্জনগড় চৰকাৰী চিকিৎসালয় আৰু অলপ্পুঝা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল।চীনত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে মহামাৰীৰ ৰূপ ধাৰণ কৰি থকাৰ সময়তে ভাৰতীয় চিকিৎস সকলৰ সফলতা যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে।
- Log in to post comments
- 61 views