দিল্লীৰ শ্বাহীন বাগত ১৫ ডিচেম্বৰৰ পথ বন্ধ কৰি ধৰ্ণা কাৰ্যসূচী চলাই থকা প্ৰতিবাদীসকলৰ প্ৰতি কঠোৰ হৈছে উচ্চতম ন্যায়ালয়।ন্যায়ালয়ে কৈছে যে প্ৰতিবাদীসকলে অনন্তকাললৈ পথ বন্ধ কৰি প্ৰতিবাদ চলাই থাকিব নোৱাৰে।উল্লেখযোগ্য যে এই প্ৰতিবাদৰ বাবে কালিন্দী কুঞ্জ-শ্বাহীন বাগ পথ বিগত প্ৰায় ৬০ দিন ধৰি বন্ধ হৈ থকাত দিল্লীবাসী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।
- Log in to post comments
- 20 views